🎵 Song Name | January Mahor Eti Nikha |
🎤 Artist / Singer | Rekibul |
🎬 Album | Assamese Single Song |
January Mahor Eti Nikha Song Lyrics (Rekibul)
Assamese :
I fill alone my heart
Baby I love u forever
জানুৱাৰী মাহৰ এটি নিশা
সিদিনা আছিলে ৰবিবাৰ
শুই পৰা পৃথিৱীখনি,
নিৰবতাই আনে হাহাকাৰ
তুমি আৰু মই আছিলো সাৰে
মৰমে আমাক বলিয়া কৰে.
উতলা ফাগুন মাহৰ দৰে
আ হা হা হা হা
আ হা হা…
সিদিনাটো মই ভবা নাছিলো
যাবা বুলি তুমি আতৰি,
তুমি আজি নাই কোনো কথা নাই
পুৰণিক আছো সুঁৱৰি.
লিখি নথলেও প্ৰতিটো কথা
আজিও সতেজ মনতে,
ৰিঙা ৰিঙা মোৰ প্ৰতি লগনত
তুমিয়েটো আছা কাষতে.
তুমিয়েটো আছা কাষতে.
আ হা হা হা হা
আ হা হা…
বেলিয়ে দিয়ে দিনৰে খবৰ
জোনে দিয়ে ৰাতিৰে খবৰ,
সখী বতাহে পদুলিতে ৰৈ
দিয়েহি তোমাৰে খবৰ.
তোমাৰে দেহৰ চিনাকি সুবাস
ফাগুনে দিয়ে উপহাৰ,
মনৰ উপকুল উপচি পৰে
মৰমে সজায় দুটি পাৰ.
মৰমে সজায় দুটি পাৰ.
আ হা হা হা হা
আ হা হা…..।