গান – ফাগুনীয়া আবেলি
কথা – নৱ যুগল
সুৰ – জিতুল জুমন
কন্ঠশিল্পী – জিতুল জুমন
সংগীত – Neentu Pathak
ফাগুনীয়া আবেলিতে
নিয়ৰ সনা দুৱৰিতে
ৰঙা বেলি পশ্চিমতে,
তোমাৰ ছবি দুচকুতে
সপোন আহানা কাষলে
তুমি চুমানা দুগালতে.
মায়াসনা হাঁহিতিৰে
অভিমানী চাওনিৰে
মিঠা মিঠা কবিতাৰে,
সুমালাহি হৃদয়তে
সপোন আহানা কাষলে
তুমি চুমানা দুগালতে.
সাচি ৰখা বহু কথা
আছে জানা কবলৈ তোমাক
সপোন নদীৰ নিজান ঘাটত ,
লগ দিবা জীৱন বাটত
সপোন আহানা কাষলে
তুমি চুমানা দুগালতে.